দিনক দিনে ভাৰতত হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি গৈছে। ইয়াৰ এটাই কাৰণ হ’ল অসংযত জীৱন–যাপন, তেল–মচলাযুক্ত খাদ্য আদি। (প্ৰতীকী ফটো) এই সমস্যা বহু সময় থাকোতেই চিনিব পাৰি। বিজ্ঞানীসকলে হৃদৰোগৰ সমস়্যাৰ পৰা ৰক্ষা পাবলৈ নানা পদ্ধতি উলিয়াইছে। (প্ৰতীকী ফটো) এয়া এনে এখ সমস্যা যাৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে। কিন্তু এনে এক টেষ্ট আছে যিটো হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যুপৰ্যন্ত কম কৰিব পাৰে। (প্ৰতীকী ফটো) বিজ্ঞানীসকলে এনে কিছু মানুহৰ চি–ৰিয়েক্টিভ টেষ্ট কৰিছে যিসকলৰ বহুদিন ধৰি হাৰ্টৰ সমস্যা আছে। (প্ৰতীকী ফটো) ট্ৰোপোনিন এনে এক গুৰুত্বপূৰ্ণ প্ল’টিন যিয়ে হাৰ্টৰ বিভিন্ন অংশ ক্ষত হ’লে নিৰ্গত হয়। (প্ৰতীকী ফটো) এক ৰিপ’ৰ্টত জানিব পৰা গৈছে যে আঢ়ৈ লাখৰো অধিক ৰোগীৰ মাজত যিসকলৰ চিআৰপি লেভেল বেছি থাকে, তেওঁলোকৰ ট্ৰোপোনিন টেষ্ট পজিটিভ হৈছে। তেওঁলোকৰ আগন্তুক ৩ বছৰত মৃত্যুৰ সম্ভাৱনা ৩৫ শতাংশ বেছি। (প্ৰতীকী ফটো) যদি সঠিক সময়ত সতৰ্ক নহয় বা এণ্টি ইমপ্লেমেটৰিজ ঔষধৰ সেৱন কৰিলে লাখ লাখ মানুহক বচোৱা যাব পাৰে। (প্ৰতীকী ফটো) ইম্পেৰিয়েল কলেজ অব লণ্ডনৰ চিকিৎসক ডাঃ ৰমজি খামিজে জনায় যে এই পৰীক্ষাৰ সন্ধান এনেকুৱা সময়ত হৈছে, যেতিয়া এই ধৰণৰ ৰোগে গভীৰভাৱে ভাবিবলৈ বাধ্য কৰিছে। (প্ৰতীকী ফটো) এই গৱেষণাৰ বাবে অৰ্থ যোগানকাৰী ব্ৰিটিছ হাৰ্ট ফাউণ্ডেচনৰ এজন অধ্যাপক জেমছ লিপাৰে কয় এয়া চিকিৎসকসকলৰ মেডিকেল টুলৰ গুৰুত্বপূৰ্ণ এটা টুল। (প্ৰতীকী ফটো) এক অধ্যয়নত কোৱা হৈছে যে দিনৰ ভিতৰত ৪ ঘণ্টা যদি সক্ৰিয় থকা যায় তেন্তে হৃদৰোগত আক্ৰান্ত ৪৩ শতাংশ পৰ্যন্ত কম হয়। (প্ৰতীকী ফটো) আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰোল এণ্ড প্ৰিভেনচনে হাৰ্ট এটেকৰ কিছু লক্ষণ চিহ্নিত কৰিছে। (প্ৰতীকী ফটো) বুকুৰ বিষ বা চৰম উৎকণ্ঠা সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। দুৰ্বলতা, ডিঙি–কঁকালৰ বিষেও বেয়া ইংগিত দিয়ে। (প্ৰতীকী ফটো) মানসিক উৎকণ্ঠা বা কান্ধৰ বিষ হ’লেও সময় থাকোতে সতৰ্ক হোৱা প্ৰয়োজন। পিছত প্ৰবল সমস্যাই দেখা দিব পাৰে। (প্ৰতীকী ফটো)