আমি সকলোৱে জানো যে কোভিড–১৯ ভাইৰাছে শ্বাসতন্ত্ৰক সংক্ৰমিত কৰে, যাৰ ফলত হাওঁফাওঁৰ গুৰুতৰ সংক্ৰমণ হয়। লগতে কাহ বা হাচিৰ জৰিয়তে সংক্ৰমিত লোকৰ পৰা আন এজন সুস্থ লোকৰ শৰীৰত প্ৰৱেশ কৰে। কিন্তু সংক্ৰমণ যে কেৱল হাওঁফাওঁতেই হয় তেনে নহয়। আচলতে কোৰোণা ভাইৰাছে আমাৰ সকলো অংগতে প্ৰভাৱ পেলায়। সেয়ে সাধাৰণভাৱেই এই প্ৰশ্ন উঠে যে চকুৰ জৰিয়তে ভাইৰাছ শৰীৰত প্ৰৱেশ কৰিব পাৰে নেকি?
চকুৰ মাধ্যেমেৰে কোৰোণা ভাইৰাছ সংক্ৰমণৰ বিষয়ে বিশেষজ্ঞসকলে ভিন্ন মতামত আগবঢ়াইছে। এতিয়ালৈ চকু ভাইৰাছৰ সংস্পৰ্শলৈ আহিলে আন কাৰোবাৰ পৰা সংক্ৰমণ হ’ব পাৰে নে নোৱাৰে সেই বিষয়ত নিশ্চিতভাৱে ক’ব পৰা নাযায়। কিন্তু চকুৰ কনজাংটিভাৰে ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। কনজাংটিভা এক পৰিষ্কাৰ টিছ্যু যিয়ে চকুৰ বগা অংশক ঢাকি ৰাখে আৰু ই সাধাৰণ চৰ্দি আৰু হাৰপিছ ভাইৰাছত সংক্ৰমিত হ’ব পাৰে। সেয়ে কোৰোণা ভাইৰাছৰ ক্ষেত্ৰতো এনে হয় হ’ব পাৰেনে নোৱাৰে সেয়া এতিয়াই ক’ব পৰা নাযায়।
চকুৰে কোভিড–১৯ ভাইৰাছ শৰীৰত প্ৰৱেশ কৰেনে নকৰে সেয়া নিশ্চিতভাৱে ক’ব পৰা নগ’লেও, এবাৰ সংক্ৰমিত হ’লে চকুতো কোৰোণা ভাইৰাছৰ লক্ষণ দেখা দিব পাৰে। এতিয়ালৈ সংগৃহীত তথ্যৰ ভিত্তিত, কোভিড–১৯ত আক্ৰান্ত প্ৰায় ১ৰ পৰা ৩ শতাংশ লোকৰ কনজাংটিভাইটিছ হৈছে, যাক পিংক আই বোলা হয়। গৱেষণাত দেখা গৈছে যে এয়া তেতিয়া ঘটে যেতিয়া ভাইৰাছ কনজাংটিভাকে সংক্ৰমিত কৰিব পাৰে। কিন্তু ভাইৰাছে চকুত কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া এতিয়াও আলোচনাৰ স্তৰত আছে।
কোৰোণা ভাইৰাছ এক অত্যন্ত সংক্ৰামক ভাইৰাছ যি বেছিভাগ সময়ত শ্বাসতন্ত্ৰৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰে। সেয়ে সকলো সময়তে মাস্ক পৰিধান কৰাটো আটাইতকৈ ভাল উপায়। লগতে মুখত স্পৰ্শ কৰাৰ পূৰ্বে বা খোৱাৰ আগতে ভালদৰে হাত ধুব লাগে। হাচি–কাহৰ সময়ত নাক আৰু মুখ ঢাকি ৰাখিব লাগে আৰু আনৰ পৰা সামাজিক দূৰত্ব বজাই ৰখা দৰকাৰ।