চীনাবাদামৰ তেল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী ৷ এই তেলৰ বহুতো স্বাস্থ্যজনিত উপকাৰ আছে ৷ ৰন্ধন গুণাগুণৰ ক্ষেত্ৰতো চীনাবাদামৰ তেল অনন্য (Benefits of Peanut Oil) ৷
2/ 6
চীনাবাদাম তেলক গ্রাউণ্ডনাট অয়েল বা আৰাকিচ তেল বুলিও কোৱা হয় ৷ চিনাবাদামৰ গোন্ধ থকা এই তেল খালে বহুতো উপকাৰ পাব পাৰি।
3/ 6
চীনাবাদামৰ তেলত পৰ্যাপ্ত পৰিমাণৰ মনোচেটিওৰেটেড আৰু পলিআনচেটিওৰেটেড চৰ্বি থাকে। এই দুয়োটা উপাদান হৃদৰোগৰ বাবে গুৰুত্বপূৰ্ণ উপাদান।
4/ 6
ফেটি এচিডৰ উপস্থিতিৰ বাবে চীনাবাদামৰ তেলত কেলৰি যথেষ্ট বেছি হয় ৷ তদুপৰি, এই তেলত যথেষ্ট পৰিমাণে মনোআনচেটিউৰেটেড ফেটি এচিড থাকে ৷ ফলত, বেয়া কলেষ্টেৰল হ্ৰাস পায় আৰু ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হয়৷ ।
5/ 6
চীনাবাদামতেল এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস ৷ এই তেলত অত্যাৱশ্যকীয় ভিটামিন ই (Vitamin E) থাকে ৷ এই ভিটামিনে আমাৰ শৰীৰত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে ৷ অন্যান্য লাভালাভৰ লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তি বৃদ্ধি কৰে ৷