সমগ্ৰ বিশ্বৰ মানুহৰ মৃত্যুৰ অন্যতম মুখ্য কাৰণ হৈছে কৰ্কট ৰোগ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২০ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰতি ছয়জনৰ ভিতৰত এজন লোকৰ মৃত্যু হৈছিল। বেছিভাগ লোকে যি ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হয় সেয়া হৈছে স্তনৰ কৰ্কট ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ, মলাশয়ৰ কৰ্কট ৰোগ, মলদ্বাৰ আৰু প্ৰষ্টেট কৰ্কট।