পানীৰ পিছতে সমগ্ৰ বিশ্বত পানীয় হিচাপে চাহ আটাইতকৈ বেছি পান কৰা হয়। চাহৰ সকলো গুণ আমি এতিয়াও হয়তো নাজানো। বহুতেই নাজানে হাইপাৰটেনশ্যন ৰোগত চাহ উপকাৰী পানীয়। কিছুমান চাহত প্ৰচূৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট আছে। এই এণ্টি অক্সিডেণ্টে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। বিশেষকৈ কেটেচিন্স এণ্টি অক্সিডেণ্টে তেজত পটাচিয়াম নিয়ন্ত্ৰণ কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। উচ্চ ৰক্তচাপ সংক্ৰান্তীয় সমস্যাৰ সৈতে চাহৰ গুণত নিয়ন্ত্ৰণত থাকে নানা ধৰণৰ হৃদৰোগ আৰু হৃদযন্ত্ৰ সংক্ৰান্তীয় সমস্যাও। কিন্তু চাহৰো অতিৰিক্ত সেৱন ঠিক নহয়। অত্যধিক পৰিমাণৰ চাহ পান কৰিলে, বিশেষকৈ গাখীৰ চাহ শৰীৰৰ পক্ষে খুবেই ক্ষতিকাৰক। গাখীৰ চাহৰ লগতে গ্ৰীণ টিও পান কৰক। ক’লা চাহত সামান্য পৰিমাণৰ গাখীৰ মিহলাই দিলে বিশেষ ক্ষতি নহয়। ইয়াৰ উপৰিও বিজ্ঞানীসকলে কয় যে পানী ৩৫ ডিগ্ৰী চেলছিয়াছলৈ গৰম কৰিলে KCNQ5 ৰ সক্ৰিয়কৰণ তীব্ৰতৰ হয়।