তিতা কেৰেলা (bitter guard) সঁচাকৈয়ে খাবলৈ বৰ তিতা! যাৰ নামেই তিতা কেৰেলা কেৰেলা তাৰ সোৱাদতো তিত হোৱাটোৱেই স্বাভাৱিক। তিতা সোৱাদৰ বাবেই বহুতেই তিতা কেৰেলা নাখায়। কিন্তু ইয়াৰ সোৱাদৰ তিতাখিনি যদি বাদ দিব পাৰে তেন্তে তিতা কেৰেলাৰ ইমান ঔষধী গুণ আছে যে শুনিলে আপুনি হায়ৰাণ হৈ পৰিব। মধুমেহ বা ডেয়েবেটিছ ৰোগীৰ বাবে ই ৰামবাণ আৰু লগতে বহু ৰোগৰ বাবেও উত্তম পথ্য।