দেহত যৌৱন (Anti ageing) ধৰি ৰখাৰ আমাৰ প্ৰচেষ্টাৰ কোনো অন্ত নাই। ডেকা বা তৰুণ দেখাবলৈ আমি অতি মূল্যৱান প্ৰসাধন ক্ৰয় কৰিবলৈও কুণ্ঠাবোধ নকৰোঁ। কিন্তু মনত ৰাখিব কেৱল বাহ্যিক দিশৰ পৰা চেষ্টা কৰিলেই নহয়, আপোনাক প্ৰয়োজন অভ্যন্তৰৰ পৰা নিজক তৰুণ কৰি ৰখা। সেয়েহে এনে কিছুমান বস্তু (Anti Ageing Drink) আপোনাৰ আহাৰত ৰাখক যাতে আপোনাৰ ছালত কুঞ্চন চিহ্ন পৰাত পলম হয়।
ছালৰ সৌন্দৰ্যত ভিটামিন চি, ভিটামিন ই আৰু কোলাজেনও অতি প্ৰয়োজনীয়৷ ভিটামিন ই-য়ে আমাৰ ছালক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে৷ এণ্টি অক্সিডেণ্টে (Anti oxidant) শালমন পৰা মুক্তি দিয়ে। এই সকলো পুষ্টিৰে ভৰা বস্তুবোৰ এঠাইত লওক আৰু যাদুকৰী পানীয় প্ৰস্তুত কৰক৷ ই সহজ আৰু সোৱাদযুক্তই নহয় সুস্বাস্থ্য ৰক্ষাও কৰিব৷ ।