আমলখি বা আমলখিৰ গুণৰ কথা সৰ্বজনবিদিত। দেশৰ বিভিন্ন প্ৰান্তত নানা ধৰণে আমলখিৰ ব্যৱহাৰ কৰা হয়। আমলখিৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। কেঁচাকৈ, ৰদত শুকুৱাই খোৱাৰ লগতে আমলখিৰ ৰসো খোৱা হয়। আমলখিত আছে প্ৰচূৰ পৰিমাণে ভিটামিন চি। যি শৰীৰক ডিটক্স কৰাত সহায় কৰে। উজ্জ্বল চাল আৰু চুলিৰ বাবেও আমলখিৰ প্ৰয়োজন। চৰ্দিকাহ, মাউথ আলচাৰসহ একাধিক শাৰীৰিক সমস্যাত ব্যৱহাৰ কৰা হয় আমলখি। কিন্তু জানেনে আমলখিয়ে খাদ্য হজম হোৱাতো সহায় কৰে। পুৱা খালী পেটত আমলখিৰ ৰস পান কৰিলে খাদ্য হজম হয়। আমলখিত প্ৰচূৰ পৰিমাণে ভিটামিন চি, প্ৰটিন আৰু ফাইবাৰ থাকে। ওজনো নিয়ন্ত্ৰণ কৰে। আমলখি খালে ফেটি লিভৰ, কোলেষ্টোৰেলৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকে।