পাচলিবোৰত মেগনেছিয়াম, ভিটামিন এ, কে, চি আৰু ই আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে। এই সকলোবোৰ খাদ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে। মিঠা আলুত বিটা-কেৰোটিন, ভিটামিন এ আৰু ভিটামিন চি থাকে, যি বিপাক বৃদ্ধি কৰাত আৰু শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। বীটত ভিটামিন বি ৬, এ, চি আৰু নাইট্ৰেট থাকে, যি সকলোবোৰে চেনীৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। গাজৰত বিটা-কেৰোটিন থাকে যি ভিটামিন এ উৎপাদনত সহায় কৰে। ইয়াত এণ্টিঅক্সিডেণ্ট, আৰু কেৰোটিনইড থাকে যি বিভিন্ন ৰোগত ৰক্ষা কৰাত সহায় কৰে। ব্ৰকলিত ফাইবাৰ খনিজ, এণ্টিঅক্সিডেণ্ট থাকে যি শৰীৰৰ বাবে অত্যন্ত ভাল। গতিকে ব্ৰকলি প্ৰতিদিনে আহাৰত ৰাখিব লাগে।