গায়িকা হিচাপে তেওঁ কিমান সফল হৈছে সেই কথা পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই। ইণ্ডাষ্ট্ৰীত ২৩ বছৰ পাৰ কৰিলে। শ্ৰেয়া ঘোষালে এতিয়াও নিজৰ স্থান ধৰি ৰাখিছে। ১৯৮৪ চনত মুৰ্ছিদাবাদৰ বাহাৰামপুৰত জন্মগ্ৰহণ কৰিছিল শ্ৰেয়াই। সৰুৰে পৰা সংগীতৰ প্ৰতি তেওঁৰ বৰ আগ্ৰহ আছিল। সৰুৰে পৰা সংগীতৰ অনুশীলন আৰম্ভ হৈছিল। ছয় বছৰ বয়সৰ পৰাই তেওঁ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। শ্ৰেয়াই প্ৰথমবাৰৰ বাবে ১৯৯৬ চনত ‘সাৰেগামাপা’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ। সেই ৰিয়েলিটি শ্ব’ৰ বিজয়ী হয় শ্ৰেয়া। তাৰ পিছত শ্ৰেয়াই পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। বলীউদত ইটোৰ পিছত সিটোকৈ হিট গীত গাইছে। ইয়াৰ উপৰিও তেওঁৰ গীত আন ভাষাতো শুনা গৈছে। শ্ৰেয়াৰ কণ্ঠৰ বাহিৰেও তেওঁৰ সৌন্দৰ্যক লৈও দৰ্শকৰ মাজত কম চৰ্চা নহয়। বহুতে ভাবে যে গায়িকাগৰাকী সফল অভিনেত্ৰী হ’ব পাৰিলেহেঁতেন। কেইবাবছৰ পূৰ্বে শ্ৰেয়াই এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ ওচৰলৈ কেইবাখনো চলচ্চিত্ৰৰ অফাৰ আহিছিল। কিন্তু তেওঁ মান্তি নহ’ল। ছনু নিগম, শ্বান, হিমেশ ৰেশামিয়া, মনালি ঠাকুৰৰ দৰে বহু সফল শিল্পীয়ে পৰ্দাত অভিনয় কৰিছে। কিন্তু শ্ৰেয়া সেই বাটেৰে খোজ নিদিলে। তেওঁ কয়, অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ নাই। তেওঁ একেলগে একাধিক কাম কৰিব নোৱাৰে।