Vicky Kaushal Katrina Kaif Love Story: কেটৰিনা কাইফ আৰু বিকি কৌশলে ৯ ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ ছিক্স চেঞ্চ ফৰ্ট বৰৱাৰাত বিবাহ পাশত আৱদ্ধ হয়৷ বছৰটোৰ আটাইতকৈ চৰ্চিত বিয়াখনত দুয়োজনে তেওঁলোকৰ বিবাহৰ বিষয়ে যথেষ্ট গোপনীয়তা আৰু সুৰক্ষা বজাই ৰাখিছিল। বিয়াৰ আগতে দুয়োৰে মাজৰ সম্পৰ্কৰ বিষয়ে কেতিয়াও আলোচনা কৰা হোৱা নাছিল। দুয়োজনে তেওঁলোকৰ সম্পৰ্কটো অতি ব্যক্তিগতভাৱেও ৰাখিছিল। কিন্তু আপুনি জানি আচৰিত হ'ব যে বিকি কৌশল কলেজৰ দিনৰ পৰাই কেটৰিনাৰ প্ৰেমত আছিল। আমি ফটোৰ জৰিয়তে আপোনাক বিৱৰণ দি আছোঁ।