পশ্চিম বংগৰ TMC সাংসদ নুছৰত জাহানে বিয়াৰ পিছত সাংসদ পদৰ শপত লৈছিল। সংসদত পৰম্পৰাগত পোছাকত দেখা গৈছিল সুন্দৰী সাংসদগৰাকীক। শিৰত সেন্দুৰ, হাতত মেহেন্দী, ডিঙিত মংগলসূত্ৰ পিন্ধি সংসদত প্ৰৱেশ কৰিছিল নুছৰতে। নুছৰতৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। কেইদিনমান পিছতে নুছৰত জাহানৰ এই ৰূপক লৈ তেওঁৰ বিৰুদ্ধে ফটোৱা জাৰি কৰা হৈছিল। এই ফটোৱাক লৈ নুছৰতে কৈছিল যে মই মুছলমানেই হৈ থাকিম আৰু মই কি পিন্ধিব লাগে তাৰ ওপৰত মন্তব্য নকৰো। বিশ্বাক পোছাতকৈ ওপৰত।
এতিয়া সেই নুছৰতে কিছু পৃথক ধৰণে এই বিতৰ্কৰ প্ৰত্যুত্তৰ দিলে। নুছৰতে ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ কেইবাখনো সুন্দৰ ফটো শ্বেয়াৰ কৰিছে। এই ফটোসমূহত নুছৰতক কইনাৰ ৰূপত দেখা গৈছে। কেপচনত লিখিছে – সকলো ছোৱালীয়ে নিজৰ বিশেষ দিনটোত ৰঙা ৰঙৰ পোছাক পিন্ধাৰ সপোন দেখে। মই নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গক ধন্যবাদ দিব বিচাৰো যিয়ে মোৰ সৈতে প্ৰতিক্ষণত আছে।