সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীআশকা গোৰাডিয়া কিছুদিন ধৰি অভিনয়ৰ পৰা দূৰত আছে। ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় অভিনেত্ৰীগৰাকী। প্ৰায় প্ৰতিদিনেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ থাকে অভিনেত্ৰীৰ আকৰ্ষণীয় ফটো বা ভিডিঅ’। কিউ কি চাচ ভি কভি বহু থি, নাগিন, ভাৰত কা বীৰ পুত্ৰ, মহাৰাণা প্ৰতাপ, বিগ বছ, খতৰো কা খিলাড়ীৰ দৰে শ্বু’ত অংশগ্ৰহণ কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল অভিনেত্ৰীগৰাকীয়ে।