সপোনৰ মায়ানগৰী মুম্বাইয়ে প্ৰতিজন শিল্পীকে নিজৰ ফালে আকৰ্ষণ কৰে। দেশৰ চাৰিও কোণৰপৰা অভিনেতা, ডিৰেক্টৰ আৰু ডাঞ্চাৰ হোৱাৰ সপোন লৈ শিল্পীসকল মুম্বাইলৈ যায়। মুম্বাইয়েও নিজৰ দুবাহু মেলি সকলোকে স্বাগতম জনায়, ইয়াৰ একমাত্ৰ কাৰণ হ'ল- বলিউড (Bollywood)। ইয়াৰে ভিতৰত কিছুমান এনেকুৱা তাৰকাও আছে যি শূন্যৰ পৰা গৈ জনপ্ৰিয়তাৰ চুড়ান্ত শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত বিহাৰৰ পৰা যোৱা এনে কেইজনমান তাৰকা আছে ,যি শূন্যৰ পৰা কেৰিয়াৰৰ আৰম্ভণি কৰি নিজৰ প্ৰতিভা আৰু অধ্যাৱসায়ৰ ফলত বলিউডৰ সাফল্যৰ শিখৰত আৰোহণ কৰিছে। বলিউডত বিহাৰ (Bihari Superstars Bollywood)ৰ ছুপাৰ ষ্টাৰৰ দপদপনি দেখা যায। আজি আপোনালোকক বিহাৰৰ পৰা যোৱা এনে ৫জন বলিউড (Bollywood Stars)ৰ বিখ্যাত ছুপাৰ ষ্টাৰৰ সৈতে পৰিচয় কৰাই দিম। (ফটো- Instagram/imtiazaliofficial/bajpayee.manoj)
<strong>পংকজ ত্ৰিপাঠী :</strong> আজি পংকজ ত্ৰিপাঠী সকলোৰে বাবে এটা পৰিচিত নাম। চিনেমাত প্ৰথমে সৰু-সুৰা চৰিত্ৰত অভিনয়েৰে নিজৰ যাত্ৰা আৰম্ভ কৰা পংকজে আজি ডাঙৰ ডাঙৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ আদৰৰ হৈ পৰিছে। তেওঁ চিনেমাৰ লগতে ৱেব ছিৰিজতো নিজৰ অভিনয় দক্ষতাৰে সকলোৰে পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। (ফটো- Instagram/pankajtripathi)
<strong>সঞ্জয় মিশ্ৰা :</strong> সঞ্জয় মিশ্ৰাই তেওঁৰ সকলো চৰিত্ৰতে ১০০ শতাংশ দিয়ে। তেওঁৰ কমেডিৰ সোৱাদৰ কথাই সুকীয়া, কিন্তু ছিৰিয়াছ চৰিত্ৰৰ ক্ষেত্ৰতো সাংঘাটিকভাবে সফল কৰিব পাৰে একোটা চৰিত্ৰ। সঞ্জয় মিশ্ৰায়ো সৰু-সুৰা চৰিত্ৰত অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলিছিল। মিডিয়া ৰিপ'ৰ্টৰ মতে , তেওঁক ১৯৯১ চনত টিভি ছিৰিয়েল 'চাণক্য'ত প্ৰথমবাৰৰ বাবে দেখা গৈছিল। (ফটো- Instagram/imsanjaimishra)