আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। শ্বাহৰুখ খানে বলীউডক ‘দিলৱালে দুলহনিয়া লে জায়েংগে’, ‘কুচ কুচ হোতা হায়’, ‘বাজিগৰ’, 'কয়লা', ‘চক দে ইণ্ডিয়া’ৰ দৰে বহু ব্লকবাষ্টাৰ ছবি প্ৰদান কৰিছে। শ্বাহৰুখ খানৰ হিট ছবিৰ তালিকাত আৰু কিছু ছবি থাকিলহেঁতেন, যদিহে তেওঁ সেইবোৰ কৰিবলৈ অস্বীকাৰ নকৰিলেহেঁতেন।
হয়, বলীউডৰ এখন বা দুখন নহয়, এনে বহু ছবি আছে যিবোৰ হিন্দী চলচ্চিত্ৰ জগতৰ ‘বাদশ্বাহ’ক আগবঢ়োৱা হৈছিল, কিন্তু শ্বাহৰুখে সেইবোৰত কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। শ্বাহৰুখ খানৰ সৈতে জড়িত চলচ্চিত্ৰ জগতৰ এই কাহিনীয়ে নিশ্চয় আপোনাকো আচৰিত কৰি তুলিছে, কিন্তু সেয়া সঁচা। শ্বাহৰুখে এৰি দিয়া ছবিবোৰৰ বিষয়ে জানো আহক, যিবোৰ ছুপাৰহিট বুলি প্ৰমাণিত হ’ল।
লগান- ২০০১ চনত অহা ‘লগান’ ছবিখনে বহু প্ৰশংসা লাভ কৰিছিল। ভাৰতৰ পৰা অস্কাৰৰ বাবেও মনোনীত হৈছিল। পৰিচালক আশুতোষ গোৱাৰিকাৰে আমিৰ খানক অভিনয়ৰ বাবে কৈছিল যদিও তেওঁ নাকচ কৰিছিল। তেতিয়া আশুতোষে শ্বাহৰুখৰ ওচৰলৈ হাতখন আগবঢ়াই দিলে, যাৰ লগত তেওঁ ‘স্বদেশ’ বনাইছিল। কিন্তু শ্বাহৰুখে ‘লগান’ক নাকচ কৰিলে। পিছত আশুতোষে কেনেবাকৈ আমিৰক সন্মত কৰিবলৈ সক্ষম হয়।