মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু এগৰাকী টেলিভিছন অভিনেত্ৰীৰ। মৃত অভিনেত্ৰীগৰাকীৰ নাম চেতনা ৰাজ। অস্ত্ৰোপচাৰৰ সময়ত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। পৰিয়ালে চিকিৎসকৰ গাফিলতিৰ অভিযোগ তুলিছে। ২১ বছৰীয়া অভিনেত্ৰী চেতনা ৰাজ শেট্টী কছমেটিক হাস্পতালত ফেট ছাৰ্জাৰীৰ বাবে ভৰ্তি হৈছিল। এই ফেট ছাৰ্জাৰীৰ বাবে তেওঁৰ হাওঁফাওঁত পানী জমা হয়, তাৰ পিছতে অৱস্থা গুৰুতৰ হৈ পৰে। আৰু শেষত ২১ বছৰ বয়সতে মৃত্যুক সাবটি লয় দক্ষিণৰ ধাৰাবাহিকৰ জগতৰ অভিনেত্ৰীগৰাকীৰ। চেতনাৰ পিতৃৰ অভিযোগ, ফেট ছাৰ্জাৰীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু পৰিয়ালৰ পৰা সন্মতি নোলোৱাকৈ এই ছাৰ্জাৰী কৰিছিল। চেতনাই একাধিক ছিৰিয়েল আৰু ছবিত অভিনয় কৰিছে। চিকিৎসকৰ ভুলৰ বাবেই তেওঁলোকৰ কন্যাৰ মৃত্যু হোৱাৰ অভিযোগ তুলি থানাত অভিযোগ দাখিল কৰিছে পৰিয়ালে। চেতনাৰ পৰিয়ালে বেংগালুৰুৰ নৰ্থ তালকুত থাকে। অভিযুক্ত চিকিৎসকগৰাকীয়ে এতিয়ালৈ পিতৃ–মাতৃ বা সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই।