আচলতে, অভিনেত্ৰী মহালক্ষ্মীয়ে ৰৱিন্দৰ চন্দ্ৰশেখৰনৰ সৈতে বৰদিন উপলক্ষে নিজৰ শেহতীয়া ফটো শ্বেয়াৰ কৰিছে য’ত দুয়োৰে মৰমবোৰ প্ৰস্ফূতিত হৈছে। বিয়াৰ পিছৰে পৰা ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দুয়োৰে সম্পৰ্কক লৈ ইতিকিংসূচক মন্তব্য কৰি আহিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে সমালোচকৰ মুখ বন্ধ কৰিছে এই পোষ্টৰ জৰিয়তে।
ইয়াৰ লগতে মহালক্ষ্মীৰ সৈতে ৰবিন্দৰে এখন ৰোমাণ্টিক ফটোও শ্বেয়াৰ কৰিছে। ফটো শ্বেয়াৰ কৰি তেওঁ পত্নীক জীৱনৰ আশ্চৰ্য বুলি অভিহিত কৰিছে। এই পোষ্টত ৰিপ্লাই কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মানুহে যিয়েই নকওক, মই আপোনাক তেতিয়ালৈ মৰম কৰিম যেতিয়ালৈ আপুনি হৃদয়ৰ স্পন্দন। আপুনি অবিহনে মই একো নহয়। আপুনিয়ে মোৰ সকলো।’