মুম্বাইৰ অভিনেত্ৰীসকলৰ মাজত কাষ্ট ফাইট, ৰেচৰ কথা প্ৰায়ে শুনা যায়। ছচিয়েল মিডিয়াতো অভিনেত্ৰীসকলৰ মাজত চলে প্ৰতিযোগিতা। ইয়াৰ মাজতে শ্ৰদ্ধা কাপুৰৰ হাতত পৰাজিত হ’ল দীপিকা পাডুকন। কোৱা হৈছে ইনষ্টাগ্ৰাম ফোলৱাৰ্ছৰ কথা। কোন আগত, কোন পিছত...? সম্প্ৰতি দীপিকা পাডুকনক পিছ পেলাই মুঠ ফলোৱাৰ্ছৰ ক্ষেত্ৰত বলীউদৰ তাৰকাসকলৰ ভিতৰত তৃতীয় স্থানলৈ উন্নীত হ’ল শ্ৰদ্ধা কাপুৰ। শ্ৰদ্ধাৰ বৰ্তমান ফলোৱাৰ্ছৰ সংখ্যা ৫৬.৫ মিলিয়ন। সামান্য ভাবে পিছ পৰি আছে প্ৰিয়ংকা চোপ্ৰাতকৈ। প্ৰিয়ংকা চোপ্ৰাৰ বৰ্তমান ফোলোৱাৰ্ছৰ সংখ্যা ৫৭ মিলিয়ন। এই মুহূৰ্তত দীপিকা পাডুকনৰ ফোলোৱাৰ্ছৰ সংখ্যা ৫২ মিলিয়ন। প্ৰথম স্থানত আছে বিৰাট কোহলী। দ্বিতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰা। এতিয়া প্ৰথম তিনিটা স্থানৰ পৰাল পিছলৈ গ’ল দীপিকা। স্থান ল’লে শ্ৰদ্ধা কাপুৰ।