শক্তি মোহনে বলীউডৰ বিভিন্ন আইটেম নাম্বাৰত নৃত্য কৰিছিল। এইবোৰৰ ভিতৰত ‘আ ৰে প্ৰিতম প্যাৰে’, ‘কম্বল কেনীচে’ আৰু 'তাকিলা ৱাকিলা’ অন্যতম।
6/ 10
তেওঁ ‘ধুম 3’ৰ এটি গান ‘কমলী’ত সহ–কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰিছিল। তেওঁ বলীউডৰ ছবি ‘পদ্মাৱত’ৰ এটা গীত ‘নেনৌৱালে’ৰ জৰিয়তে এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে তেওঁ নিজৰ জীৱনৰ আন এক অধ্যায়ৰ শুভাৰম্ভণি কৰিছিল।
7/ 10
শক্তি মোহন, বলীউডৰ গায়িকা নীতি মোহন আৰু নৃত্য শিল্পী মুক্তি মোহনৰ ভগ্নী হয়। শেহতীয়াকৈ তিনিগৰাকী ভগ্নীয়ে ‘নাৰী’ নামৰ এটা নৃত্য–গীত নিৰ্মান কৰে যাৰ বাবে তেওঁলোকে দৰ্শকৰ তথা অনুৰাগীৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
8/ 10
তেওঁৰ নিজৰ ‘নৃত্য শক্তি’ নামৰ এটা নৃত্য ষ্টুডিঅ’ আছে। লগতে তেওঁ বায়েক মুক্তিৰ সৈতে অনলাইন নৃত্যও শিকায়।
9/ 10
নৃত্যত সুপ্ৰসিদ্ধ শক্তি মোহনে বিভিন্ন অনুষ্ঠানত বিচাৰক তথা পৰামৰ্শদাতা হিচাপে ভাগ লৈছে। কিন্তু তেওঁ কৰিঅ’গ্ৰাফাৰ ৰেমো ডিচুজাৰ পৰিচালিত ‘ডান্স প্লাচ’ত পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে।
10/ 10
শেহতীয়াকৈ শক্তি মোহনে বলীউডৰ তাৰকা ৰণবীৰ কাপুৰৰ আহিব লগা ছবি ‘সমশেৰা’ৰ এটা গান কৰিঅ’গ্ৰাফ কৰিছে।<span style="color: #333333; font-size: 1rem;"> </span><span style="color: #333333; font-size: 1rem;"> </span>