নিজৰ গানৰ বাবে সদায় শিৰোনামত থকা কলম্বিয়াৰ কণ্ঠশিল্পী ছাকিৰা (Colombian singer Shakira) শেহতীয়াকৈ ডাঙৰ বিপদত পৰিছে। ছাকিৰাৰ বিৰুদ্ধে উত্থাপন হৈছে কৰ ফাকিৰ অভিযোগ। কৰ জালিয়াতিৰ গোচৰত গায়িকা ছাকিৰাৰ আবেদন নাকচ কৰিছে স্পেইনৰ এখন আদালতে। এই বিষয়টো প্ৰথমবাৰৰ বাবে ২০১৮ চনত লাইমলাইটলৈ আহিছিল। ফটো ক্ৰেডিট-@shakira/Instagram
গায়িকা ছাকিৰা (Shakira)ৰ সৈতে জড়িত গোচৰটোৱে প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ ডিচেম্বৰ মাহত শিৰোনাম দখল কৰিছিল যেতিয়া স্পেইনৰ অভিযুক্তসকলে ছাকিৰাৰ বিৰুদ্ধে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উপাৰ্জন কৰা আয়ৰ ওপৰত ১৪.৫ মিলিয়ন ইউৰো (১৫.৫ মিলিয়ন মাৰ্কিন ডলাৰ) কৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। ফটো ক্ৰেডিট-@shakira/Instagram