সামান্থা ৰুথ প্ৰভুঃ ৱেব ছিৰিজ 'দ্য ফেমিলী মেন ২' (The Family Man 2) খ্যাত অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu) দক্ষিণৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী। তেওঁক উদ্যোগটোৰ ছেল্ফ মেড নায়িকা বুলিও জনা যায়। আজি তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগতে ফেশ্বন ব্ৰেণ্ডৰ গৰাকী। সামান্থা স্কুলৰ দিনৰ পৰা শীৰ্ষত আছে। জানিব পৰা মতে, তেওঁ শ্ৰেণীকোঠাতো টপাৰ আছিল।
তাপসী পান্নুঃ দক্ষিণৰ পৰা বলীউডলৈ অহা অভিনেত্ৰী তাপসী পান্নু (Taapsee Pannu) আজি কোনো অচিনাকি ব্যক্তি নহয়। চলচ্চিত্ৰত তেওঁ প্ৰায়ে নতুন লুক আৰু চৰিত্ৰৰ বাবে বাতৰিত থাকে। দিল্লীৰ শিখ পৰিয়ালৰ অন্তৰ্ভুক্ত তাপসী এগৰাকী নায়িকাৰ লগতে এজন ছফ্টৱেৰ অভিযন্তাও আছিল। স্কুলীয়া দিনবোৰত তেওঁ ক্ৰীড়া আৰু নৃত্যতো অংশগ্ৰহণ কৰিছিল। সৰুৰে পৰা প্ৰতিভাশালী আছিল তাপসী।
শ্ৰিয়া চৰণঃ বলীউড আৰু দক্ষিণৰ চিনেমাৰ প্ৰতিভাশালী অভিনেত্ৰী শ্ৰিয়া চৰণৰ ((Shriya Saran) জন্ম হৰিদ্বাৰত হৈছিল। চলচ্চিত্ৰই হওক বা বাস্তৱ জীৱন, অনুৰাগীসকল তেওঁৰ সৰলতাৰ প্ৰতি আগ্ৰহী। আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত শিক্ষাৰ্থীসকলক বক্তৃতা দিয়া আমিৰ খান আৰু শ্বাহৰুখ খানৰ পিছত তেওঁ উদ্যোগটোৰ তৃতীয়গৰাকী নায়িকা। তেওঁৰ দেউতাক BHELৰ এজন কৰ্মচাৰী আছিল আৰু তেওঁৰ মাক এগৰাকী ৰসায়ন বিজ্ঞানৰ শিক্ষক আছিল।
ৰশ্মিকা মন্দনাঃ দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দনাই (Rashmika Mandanna) ২৫ বছৰ বয়সত উদ্যোগটোৰ প্ৰখ্যাত নায়িকাসকলৰ সৈতেও কম্পিটিচনত আহিছিল। সেয়া চলচ্চিত্ৰৰ অভিনয়েই হওক বা বা সৌন্দৰ্যই হওক। কেৰিয়াৰৰ মাত্ৰ ৪ বছৰত তেওঁ সফলতাৰ জখলা অতিক্ৰম কৰিছে। কেৰিয়াৰৰ এই চাৰি বছৰত তেওঁ মাত্ৰ ১০খন চলচ্চিত্ৰত অভিনয় কৰিছে।
শ্ৰুতি হাচানঃ দাক্ষিণাত্য আৰু বলীউডত বিপুলভাৱে পৰিচিত অভিনেতা কমল হাছান (Kamal Haasan)ৰ জীয়ৰী শ্ৰুতি হাছান (Shruti haasan) সকলোৰে চিনাকি। তেওঁ সৰুৰে পৰা দেউতাকৰ পৰিচয়ৰ সৈতে জীয়াই থাকিব নিবিচাৰিছিল। সেইকাৰণে তেওঁ আজি য'তেই থিয় হৈ আছে, সেয়া তেওঁৰ নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল। তেওঁ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী গায়িকাও।