সামান্থা আক্কিনেনি। দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী। কিছুদিন পূৰ্বে তেওঁ নাগা চৈতন্যৰ সৈতে বিবাহবিচ্ছেদ কৰিছে। অভিনেতা নাগাৰ্জুনৰ বোৱাৰী আছিল তেওঁ। কিন্তু সেয়া তেওঁৰ ব্যক্তিগত জীৱন। কিন্তু প্ৰফেচনেল জগতত এতিয়া সামান্থাৰ যেন ৰাজ চলিছে। photo source Instagram সদ্য মুক্তিপ্ৰাপ্ত আল্লু অৰ্জুনৰ অভিনীত ছবি ‘পুষ্পা’। এই ছবিখনে অ’টিটিত খলকনি তুলিছে। এই ছবিখনত এটা আইটেম ছঙত দেখা গৈছে সামান্থাক। এটা মাত্ৰ নাচৰ বাবে ৫ কোটি টকা মাননী লৈছে সামান্থাই। photo source Instagram ‘পুষ্পা’ত এই নৃত্য কৰিবলৈ তেওঁক সৈমান কৰাইছে আল্লু অৰ্জুনে নিজেই। ইয়াৰ পিছতে বলীউদত এখনৰ পিছত আন এখন ছবিৰ কাম আহিছে সামান্থাৰ হাতলৈ। photo source Instagram জানিব পৰা মতে, বলীউদত এখনৰ পিছত এখনকৈ তিনিখনকৈ ছবিৰ কাম পাইছে সামান্থাই। যাৰ বাবে মোটা অংকৰ পাৰিশ্ৰমিক লাভ কৰিব অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে ছবিৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। photo source Instagram বিগত বৰ্ষত ফেমিলি মেন ২ ছিৰিজত কাম কৰি বলীউদত নিজৰ দক্ষতা প্ৰমাণ কৰিছিল সামান্থাই। তাৰ পিছতে বলীউদত সামান্থাৰ কামক লৈ জল্পনা কল্পনা চলিছিল। photo source Instagram