বান্ধৱী ইশা নেগিক জন্মদিনৰ শুভেচ্ছা জনালে ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকিপাৰ বেটচমেন ঋষভ পণ্টে।। ইনষ্টাগ্ৰাম ষ্টোৰিত ইশাই এই ফটো শ্বেয়াৰ কৰিছে। ইশা নেগিৰ লগত ঋষভ পণ্টৰ সম্পৰ্কলৈ আলোচনা দীৰ্ঘদিন ধৰি চলি আছে। ইশাৰ ইনষ্টাগ্ৰাম ষ্টোৰীত পণ্টৰ শুভেচ্ছাবাৰ্তাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ভাৰতীয় দলৰ ক্ৰিকেটাৰজনক ধন্যবাদ জনালে ইশাই। অভিনন্দনৰ উত্তৰত ইশাই ঋষভ পণ্টক কয়- মই তোমাক ভালপাও। দুবছৰ পূৰ্বে ঋষভ আৰু ইশাই একেলগে অৱসৰ বিনোদনৰ ফটো শ্বেয়াৰ কৰিছিল। আৰু তাৰ পিছৰ পৰাই দুয়োৰে সম্পৰ্ককলৈ আলোচনা চলিছিল। দুয়োৰে ছচিয়েল মিডিয়াৰ একাউণ্ট খুলিলেই সকলো কথা স্পষ্ট হৈ যায়।