বলীউদৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত সংবাদ শিৰোনাম দখল কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে। ড্ৰাগছ কাণ্ডত সাঙুৰ খাইছিল ৰিয়াৰ নাম। জেল পৰ্যন্ত যাবলগীয়া হৈছিল। কিন্তু সেয়া আজি অতীত। সুশান্তৰ মৃত্যুৰ তদন্ত চলিছে ঠিকে, কিন্তু সময়ৰ সুঁতত মানুহে তেওঁক পাহৰি গৈছে।