<strong>83 Premiere:</strong> ১৯৮৩ চনত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ৰ ওপৰত আধাৰিত কবীৰ খান (Kabir Khan)ৰ '৮৩' (83) ছবিখন ২৩ ডিচেম্বৰত ছবিগৃহত মুক্তি দিবলৈ সাজু হৈছে। ম্ক্তিৰ প্ৰাকক্ষণত ছবিখনৰ প্ৰিমিয়াৰ মুম্বাইত অনুস্থিত হয় য'ত মনোৰঞ্জন আৰু ক্ৰিকেট জগতৰ কেইবাগৰাকী তাৰকা উপস্থিত আছিল ৷ ১৯৮৩ চনৰ বিশ্বকাপ ক্ৰিকেট দলৰ সকলোৱে ছবিখন চাবলৈ আহিছিল ৷ কপিল দেৱ (Kapil Dev), সুনীল গাভাস্কাৰ, বলবিন্দৰ সিং সান্ধুও উপস্থিত আছিল। ৮৩ৰ সকলো তাৰকা খেলুৱৈক দেখি ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ সিঙক যথেষ্ট আনন্দিত দেখা গৈছিল।