আল্লু অৰ্জুনৰ ভেনিটি ভেন যেন ভ্ৰাম্যমাণ ৰাজপ্ৰাসাদ। অনুৰাগীসকলৰ বাবে প্ৰায়ে ভেনিটি ভেনৰ ফটো শ্বেয়াৰ কৰে তেওঁ। অৰ্জুনৰ ভেনিটি ভেন ডিজাইন কৰিছে ৰেড্ডী কাষ্টম কাৰ্ভাই। এই ভেনখনৰ নাম ৭ কোটি টকা। আল্লু অৰ্জুনৰ ভেনিটি ভেনৰ বাহিৰ আৰু ভিতৰত AA লিখা আছে। এই ভেনিটি ভেনৰ ইণ্টেৰিয়ৰ কৰা হৈছে ক’লা, বগা আৰু ছিলভাৰ ৰঙেৰে। আল্লু অৰ্জুনৰ ভেনিটি ভেনত ৰিক্লাইনাৰ চেয়াৰৰ পৰা লেডাৰৰ আসন, ডাঙৰ আয়না আৰু বিনোদনৰ যাৱতীয় আয়োজন উপলব্ধ। যাতে অভিনেতাজনে ভেনিটি ভেনত বিৰক্ত নহয়। আল্লু অৰ্জুনে বেছিভাগ সময়তে এই ভেনিটি ভেনত ভ্ৰমণ কৰে। এই ভেনিটি ভেনখনক বাহিৰৰ পৰা দেখাত যেনে সুন্দৰ লাগে, তেনেদৰে ইণ্টেৰিয়ৰো অসাধাৰণ। এই ভেনিটিকে বাহিৰৰ পৰা ক’লা ৰং আৰু ভিতৰৰ পৰা ক’লা, ছিলভাৰ আৰু গ্ৰে’ ৰঙৰ ফিনিছিং দিয়া হৈছে। বাথৰুমৰ পৰা ৰেষ্ট ৰুমলৈ সকলো সুন্দৰভাৱে ডিজাইন কৰা। এই ভেনৰ ভিতৰত আল্লু অৰ্জুনৰ বাবে এটা ক’লা ৰঙৰ ডাঙৰ ছীট ৰখা হৈছে। তাত অভিনেতাজনে পেকআপ কৰাৰ সময়ত বিশ্ৰাম কৰে।