প্ৰথমবাৰলৈ কন্যা মালতী চোপ্ৰা জোনাছৰ মুখ সকলোৰে সন্মুখলৈ আনিলে প্ৰিয়ংকা চোপ্ৰা জোনাছে। ‘জোনাছ ব্ৰাডাৰ্ছ’ৰ ‘ৱাক অব ফেম’ ষ্টাৰ পাৱাৰ অনুষ্ঠানত কন্যা মালতীক লৈ উপস্থিত আছিল প্ৰিয়ংকা। বিগত বৰ্ষত ছেৰোগেচীৰ মাধ্যমেৰে মালতীক এই পৃথিৱীলৈ আনিছিল নিক–প্ৰিয়ংকাই। কিন্তু মালতীৰ জন্মৰ সময়খিনি সহজ নাছিল নিক–প্ৰিয়ংকাৰ বাবে। প্ৰি–মেচিউৰ বেবী মালতীক জন্মৰ পিছত ১০০ দিন আইচিইউত ৰাখিবলগীয়া হৈছিল। ফটোত দেখা গৈছে কন্যাৰ কোলাত খেলিছে কণমানি মালতী। কিছুদিন পূৰ্বে মালতীৰ এবছৰ সম্পূৰ্ণ হৈছে। প্ৰথমবাৰৰ বাবে নিক–প্ৰিয়ংকাই সংবাদ মাধ্যমক তেওঁলোকৰ কন্যাৰ ফটো তোলাৰ অনুমতি দিলে। ৱৰ্ল্ড ডেবিউত মালতীক পিন্ধোৱা হৈছিল বিজ ট্যুইড জেকেট, লগতে স্কাৰ্ট। আছিল ধুনীয়া এডাল হেয়াৰ বেণ্ড। অনুষ্ঠানত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাও উপস্থিত আছিল। মাতৃৰ কোলাত বহি খেলিছিল মালতীয়ে। ইয়াৰ পূৰ্বেও কন্যা মালতীৰ একাধিক ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই। কিন্তু সকলো ফটোতে কন্যাৰ মুখ ঢকা আছিল। আনকি ‘ভগ’ মেগাজিনৰ কভাৰৰ বাবে তোলা ফটোতো মালতীৰ মুখ দেখুওৱা হোৱা নাছিল। কিছুদিন পূৰ্বে এনে এখন ফটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল। নেটিজেনসকলে প্ৰশ্ন তোলে, যদি কন্যাৰ মুখেই নেদেখুৱাই তেন্তে কন্যাক ফটোত অনাৰ প্ৰয়োজন কি? কিন্তু হাজাৰ সমালোচনা সত্ত্বেও কন্যাৰ এবছৰ হোৱাৰ পিছতহে সকলোৰে সন্মুখলৈ আনিলে প্ৰিয়ংকা–নিকে।