অসমীয়া চলচ্চিত্ৰ জগতৰ অতি জনপ্ৰিয় তথা বলিষ্ঠ অভিনেত্ৰী হ'ল বৰষা ৰাণী বিষয়া। অসমীয়া চলচ্চিত্ৰ জগতত তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নিজৰ প্ৰতিভাৰে দপদপাই আছে বৰষা ৰাণী বিষয়া। অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া সামাজিক মাধ্যমত খুউবেই সক্ৰিয়। শেহতীয়াকৈ তেওঁ স্বামী ভাস্কৰক ধন্যবাদ জনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁৰ দিল্লী ভ্ৰমণৰ কিছু বিশেষ মুহূৰ্তৰ ছবি। বৰষা ৰাণী বিষয়াই ফেচবুকত তেওঁৰ ফটো শ্বেয়াৰ কৰি লিখিছে, "জীৱন কেৱল স্মৃতিৰ বিষয়ে। প্ৰতিটো মুহূৰ্ত শেষৰটো মুহূৰ্ত বুলি জীয়াওক। ধন্যবাদ প্ৰিয়তম, সকলোবোৰৰ বাবে…" শেহতীয়াকৈ মুক্তি প্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি'ত দুৰ্দান্ত অভিনয় কৰি সামাজিক মাধ্যমত চৰ্চিত হৈছে বৰষা ৰাণী বিষয়া। শৈশৱ কালত অভিনয়ৰ পৰিৱৰ্তে নৃত্যৰ প্ৰতিহে আকৃষ্ট আছিল বৰষা। মাত্ৰ ৩ বছৰ বয়সতে লতাশিলৰ বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰিছিল তেওঁ। অভিনেত্ৰীগৰাকীৰ ফটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুজনে। খেনোৱে যদি কৈছে, "বহুত ধুনীয়া লাগিছে আপোনাক", খেনোৱে ক'লে, "আপুনি মোৰ প্ৰিয়তম অভিনেত্ৰী"।