বিতৰ্কৰ আৱৰ্তত অভিনেত্ৰী, মডেল পুণম পাণ্ডে। পিছে বৰ্তমান সময়ত বিতৰ্কৰ আৱৰ্তত সোমাই পৰাটো অভিনেত্ৰী পুণমৰ কাৰণে কোনো নতুন কথা নহয়। এইবাৰ নগ্ন গৈ পৰ্ণ ভিডিঅ’ শ্বুট কৰি মহিলা সমিতিৰ ৰোষত পৰিল অভিনেত্ৰী পুণম। ঘটনা অনুসৰি, এজন যুৱকৰ সৈতে গোৱালৈ গৈছিল অভিনেত্ৰী পুণম। আৰু গোৱাৰ বিচ্চত উপস্থিত হোৱাৰ পিছতে শৰীৰৰ কাপোৰ খুলি নগ্ন হৈ পৰ্ণ ছবিৰ শ্বুটিং কৰিছিল অভিনেত্ৰীগৰাকীয়ে। আনকি বিচ্চত কৰ্মৰত একাংশক নিজৰ স্তন দেখুৱাই দিছিল পুণমে। পুণমৰ এই কাণ্ডৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে গোৱাৰ মহিলা সমিতি। দাখিল কৰে অভিযোগ। তেওঁলোকৰ অভিযোগ, গোৱাৰ পৰিৱেশ আৰু সংস্কৃতি বিনষ্ট কৰিছে পুণমে। সমগ্ৰ বিশ্বৰ ওচৰত ভুল বাৰ্তা প্ৰেৰণ কৰিছে। অভিনেত্ৰীগৰাকীয়ে। খবৰ অনুসৰি, এই অভিযোগৰ ভিত্তিতে পুণম পাণ্ডেক আটক কৰিছে আৰক্ষীয়ে। তথ্য প্ৰমাণ সকলো পৰীক্ষা কৰি সিদ্ধান্ত লোৱা হ’ব যে, গ্ৰেপ্তাৰ কৰা হ’বনে নহয় পুণম।