বাঙালী ডান্সিং ৰিয়েলিটী শ্বো 'ডান্স ডান্স জুনিয়ৰ ছেপ্তাৰ-২' (Dance Dance Junior Chapter 2)ৰ মঞ্চলৈ ছানী লিয়নী (Sunny Leone) গৈছিল। এই শ্বোলৈ একালৰ জনপ্ৰিয় অভিনেত্ৰী হেলেন (Helen), জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ ৰেমো ডিছুজা (Remo D’souza)ৰ উপৰি মিথুন চক্ৰৱৰ্তীও উপস্থিত আছিল। শ্বো চলি থকাৰ সময়ত ছানী আৰু হেলেনে একেলগে বেংগলৰ বিখ্যাত ঘুনুচী নৃত্য কৰে। (ফটো: sunnyleone/Instagram)