‘ইণ্ডিয়ান আইডল ১২’ (Indian Idol 12)ত নিজৰ সুন্দৰ কণ্ঠ আৰু সন্মোহিনী হাঁহিৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা গায়িকা ছায়লী কাম্বলেই (Sayli Kamble) নিজৰ প্ৰেমিক ধৱল (Dhawal)ৰ সৈতে জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধৱল আৰু ছায়লীয়ে ইজনে আনজনক বহু সময়ৰ পৰা জানিছিল। ‘ইণ্ডিয়ান আইডল ১২’ৰ ফিনালেতো ধৱল উপস্থিত আছিল। ছায়লীৰ সৈতে এংগেজমেণ্টৰ সুন্দৰ ফটো ধৱলে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। (ফটো : dhawal261192/Instagram)
ছায়লী কাম্বলেৰ প্ৰেমিক ধৱলে এংগেজমেণ্টৰ সুন্দৰ ফটো শ্বেয়াৰ কৰি সুন্দৰ কেপচন লিখিছে। ধৱলে লিখিছে, ‘মই সদায় আপোনাৰ সৈতে হাঁহিবলৈ থাকিম, যেতিয়া আপুনি বিপদত পৰিব তেতিয়া হাতত ধৰিবলৈ মই থাকিম আৰু বিনাচৰ্তে জীৱনজুৰি মৰম কৰিম। মই নিজৰ জীৱনৰ অন্তিম নিশ্বাসলৈ আপোনাক মৰম কৰিম।’ (ফটো : dhawal261192/Instagram)