লক্ষ লক্ষ অনুৰাগীৰ অন্তৰত স্থান লাভ কৰা বেংগলী অভিনেত্ৰী নুছৰত জাহানে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে নিজৰ দীৰ্ঘদিনৰ প্ৰেমিক নিখিল জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তুৰ্কীত বিবাহ সম্পন্ন কৰি দেশলৈ উভতিল নুছৰত। নুছৰত আৰু নিখিলে ১৯ জুনত হিন্দু ৰীতি–নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয়। ২০ জুনত খ্ৰীষ্টান প্ৰথাৰে সম্পন্ন হয় বিবাহ কাৰ্য। নুছৰত অভিনেত্ৰী, মডেল আৰু এতিয়া পশ্চিম বংগৰ বছিৰহাট সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ সাংসদ। ইফালে নিখিল জৈন হ’ল কলকাতাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। সাংসদ নিৰ্বাচিত হোৱাৰ পিছতে বিয়াৰ কথা ঘোষণা কৰিছিল নুছৰতে। নুছৰত–নিখিলৰ প্ৰেম কাহিনী চিনেমাৰ দৰেই। দুয়োৰে প্ৰথম সাক্ষাৎ যেন আছিল চিনেমাৰ স্ক্ৰীপ্ট। প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত দুয়োৰে মাজত হৈছিল প্ৰেম। পূৰ্বৰে পৰা নিখিলৰ সৈতে বিয়াৰ সিদ্ধান্ত লৈছিল নুছৰতে। সাংসদ হোৱাৰ পিছতে এই কথা ৰাজহুৱা কৰে নুছৰতে।