তৃণমূল কংগ্ৰেছৰ (TMC)ৰ বহুচৰ্চিত সাংসদ তথা বাংলা অভিনেত্ৰী নুছৰত জাহানে ৪ জুলাইত দিব বিবাহৰ অভ্যৰ্থনা। তেওঁ কিছুদিন পূৰ্বে টাৰ্কীত বিশাল আয়োজনত খ্ৰীষ্টিয়ান, হিন্দু তথা মুছলমান ৰীতি–নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল। আৰু এতিয়া গৃহৰাজ্যৰ ৰাজধানী কলকাতাত বিবাহৰ ৰিচিপন দিব নুছৰতে। ৪ জুলাইত আইটিচি ৰয়েল হোটেলত অনুষ্ঠিত হ’ব এই অভ্যৰ্থনা অনুষ্ঠান। তুংগত উঠিছে ৰিচিপনৰ প্ৰস্তুতি। ৰিচিপছনত বিশেষ গুৰুত্ব দিয়া হ’ব তেওঁলোকৰ অতিথিসকলক আৰু তেওঁলোকক খাবলৈ দিয়া খাদ্যৰ ওপৰত। শিৰত সেন্দুৰ লৈ সংসদলৈ যোৱাৰ বাবে নুছৰত ইতিমধ্যে বিতৰ্কৰ মাজত সোমাই পৰিছিল। এইবাৰ পুনৰ তেওঁৰ ৰিচিপছনত নিৰামিষ ব্যঞ্জন দিয়াক লৈ হ’ব। তথ্য অনুসৰি নিজৰ ৰিছিপনত খাদ্য বিভাগৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছে নুছৰতে। অতিথিসকলৰ বাবে মেন্যুৰ পৰা আৰম্ভ কৰি ডেজাৰ্টলৈ সকলো চোৱা–চিতা নুছৰতে নিজেই কৰিব। এইবাবে এই কথাটো দ্ৰুতগতিত বিয়পিছে যে নুছৰত জাহানৰ ৰিচিপছনত নিৰামিষ ব্যঞ্জনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ মূল কাৰণটো হ’ল তেওঁৰ স্বামী। নুছৰত বিবাহপাশত আবদ্ধ হৈছে নিখিল জৈনৰ সৈতে। নিখিলৰ পৰিয়ালে জৈন ধৰ্মাৱলম্বী। যাৰ বাবে তেওঁৰ ৰিচিপছনত নিৰামিষ ব্যঞ্জনৰ ব্যৱস্থা কৰী হ’ব। ইয়াৰোপৰি নুছৰতৰ কেইগৰাকীমান সম্বন্ধীয় লোকৰ জৰিয়তে নিউজ এজেঞ্চী আইএএনএছ জনোৱা অনুসৰি নিৰামিষ খাদ্যৰ উপৰিও ইটালিয়ন, বেংগলী, নিৰামিষ আৰু আমিষ ব্যঞ্জনো থাকিব। বেংগলী খাদ্য নুছৰতৰ প্ৰথম পছন্দ। পশ্চিমবংগৰ পৃথক–পৃথক স্থানৰ ব্যঞ্জন খাই ভাল পায় নুছৰতে। নুছৰতে মিঠা খাই বহুত পছন্দ কৰে। তেওঁ বছীৰহাটৰ মখা সন্দেশ মিঠাই যথেষ্ট পছন্দ কৰে। যাৰ বাবে এইবিধ মিঠায়ো ৰিচিপছনৰ মেন্যুত থাকিব। আনফালে নুছৰতে নিজেই নিজৰ অতিথিসকলক ফোন কৰি অন্য ধৰণে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত নিমন্ত্ৰণ জনাইছে। ৰাজনীতি আৰু ছবিজগতৰ বহুকেইজন নামী–দামী লোক উপস্থিত হোৱাৰ সম্ভাৱনা। ৰাজনীতি জগতৰ পৰা তেওঁৰ পাৰ্টীৰ মুৰব্বী মমতা বেনাৰ্জীয়ো ৰিচিপছনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি জ্যেষ্ঠ তৃণমূল কংগ্ৰেছৰ নেতা পাৰ্থ চেতাৰ্জী, কলকাতাৰ মেয়ৰ ফিৰহাদ হকীম, অভিষেক বেনাৰ্জীৰ লগতে অন্য ৰাজনৈতিক নেতা উপস্থিত হোৱাৰ সম্ভাৱনা। ইফালে ছবিজগতৰ বেংগলী ছুপাৰষ্টাৰ প্ৰসনজিৎ চেতাৰ্জী, দেব অধিকাৰীও উপস্থিত হ’ব এই অনুষ্ঠানত। অভিনেতা জীত, অভিনেত্ৰী মুনমুন ছেন, স্বস্তিক মুখাৰ্জী, শ্ৰীজীত মুখাৰ্জী, পৰিচালক বিৰসা দাস গুপ্তাৰ দৰে নামী–দামী লোকেও অংশগ্ৰহণ কৰিব। তেওঁৰ বন্ধু তথা TMC সাংসদ মিমি চক্ৰৱৰ্তী পূৰ্বৰে পৰা তাত উপস্থিত হ’ব। তথ্য অনুসৰি শ্বাহৰুখ খানসহ বলীউডৰ কেইবাগৰাকীও চেলিব্ৰিটী নুছৰতৰ অভ্যৰ্থনা অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা।