অভিনেত্ৰী তথা সাংসদ নুছৰত জাানে নিজৰ প্ৰফেচনেল লাইফৰ লগতে ব্যক্তিগত জীৱনক লৈও সততে চৰ্চাত থাকে। নিখিল জৈনৰ সৈতে সম্পৰ্ক ভঙাৰ পিছত এটি সন্তান জন্ম দিয়া নুছৰতে বৰ্তমান অভিনেতা যশ দাসগুপ্তাৰ সৈতে সম্পৰ্কত আছে। দুমাহ পূৰ্বে মাতৃত্বৰ গৌৰৱ অর্জন কৰা নুছৰত বৰ্তমান কাশ্মীৰত যশ দাসগুপ্তাৰ সৈতে সময় উপভোগ কৰিছে। শেহতীয়াকৈ নুছৰতে কেতবোৰ ফটো শ্বেয়াৰ কৰি নিজকে ‘কাশ্মীৰ কী কলী’ আখ্যা দিছে। (ফটো : @nusratchirps/instagram)