মাত্ৰ ৫ হাজাৰ টকা হাতত লৈ ঘৰৰ পৰা ওলাই আহিছিল ৰক্ষণশীল পৰিয়ালৰ কন্যা নোৰা! কিন্তু মুম্বাইলৈ আহি বুজিলে, সপোন বাস্তৱ কৰা ইমানো সহজ নহয়! কেৰিয়াৰৰ প্ৰথমফালে এগৰাকী কাষ্টিং ডিৰেক্টৰৰ কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিবলগীয়া হৈছিল আজিৰ ছুপাৰ ছেনছেশ্যন নোৰাই। নোৰাই জনাইছে, ঘৰৰ কন্যাই চিনেমাৰ কাম কৰিব, সেই কথা কেতিয়াও মানি লোৱা নাছিল পৰিয়ালে। সেইবাবেই পলাই আহিছিল মুম্বাইলৈ। নোৰাৰ পিতৃ–মাতৃ মৰক্কোৰ বাসিন্দা। কিন্তু তেওঁলোক দীৰ্ঘদিন ধৰি কানাডাত বাস কৰিছে। সেই দেশৰ কুইবেক প্ৰদেশত নোৰাৰ জন্ম ১৯৯২ চনৰ ৬ ফেব্ৰুৱাৰীত। নোৰাৰ মাতৃ ভাৰতীয় বংশোদ্ভুত। ফলত ভাৰতী–আৰবী–কানাডিয়ান সংস্কৃতিৰ মিশ্ৰণৰ মাজত ডাঙৰ–দীঘল হৈছে নোৰা আৰু তেওঁৰ ভাতৃ। এতিয়ালৈ হিন্দী ছবিত নোৰাক মূলত ‘স্পেচিয়েল এপিয়াৰেন্স’ত দেখা গৈছে। প্ৰথম ছবি ‘ৰোৰছ : টাইগাৰ্ছ অব দ্য সুন্দৰবন’। মুক্তি পাইছিল ২০১৪ চনত। আইটেম নাম্বাৰৰ শিল্পী হিচাপে নোৰাই দৃষ্টি কাঢ়িছে বলীউদৰ বহু ছবিত। তাৰ ফিল্মোগ্ৰাফীত উল্লেখযোগ্য হ’ল ‘বাহুবলী – দ্য বিগিনিং’, ‘কিক টু’, ‘শ্বেৰ’, ‘লোফাৰ’, ‘সত্যমেৱ জয়তে’, ‘স্ত্ৰী’, ‘ভাৰত’ আৰু ‘বাটলা হাউছ’। নোৰাৰ জীৱনত নৃত্যই প্ৰধান নিচা। হিন্দীৰ লগতে নোৰাই সমানে পৰিচিত দক্ষিণৰ ছবি জগততো। কাম কৰিছে তেলুগু, মালায়ালম আৰু তামিল ছবিত। কিন্তু ডাঙৰ পৰ্দাই নহয়, সৰু পৰ্দা আৰু মিউজিক ভিডিঅ’তো নোৰাই সমানে জনপ্ৰিয়। ‘বিগ বছ ৯’সহ অন্যান্য ৰেয়েলিটী শ্ব’ত নোৰাৰ প্ৰদৰ্শন আকৰ্ষণীয় আছিল। ছলমানৰ খানৰ অন্ধ ভক্ত নোৰা। তাৰ বাবেই তেওঁ প্ৰতিযোগী হিচাপে যোগ দিছিল ‘বিগ বছ’ত।