এইবৰ্ষৰে ১৪ এপ্ৰিলত বিয়া হৈছিল আলিয়া ভট আৰু ৰণবীৰ কাপুৰৰ। ইয়াৰ পিছত ২৭ জুনত অভিনেত্ৰীগৰাকীয়ে ছ’ন’গ্ৰাফীৰ ছবিৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। বেবী বাম্প লৈ হলিউডৰ প্ৰথমখন ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং কৰিবলৈ লণ্ডনলৈ গৈছিল আলিয়া। ইয়াৰ বাহিৰেও স্বামীৰ সৈতে প্ৰথমখন ছবি ‘ব্ৰহ্মাস্ত্ৰ'ৰ প্ৰচাৰতো কোনো ত্ৰুটি কৰা নাছিল আলিয়াই। ইফালে উৎসৱৰ বতৰত আলিয়াই সকলো পূজাতে অংশ লৈছিল।
অৱশ্যে ইয়াৰ পূৰ্বে শুনা গৈছিল যে আলিয়া আৰু ৰণবীৰে সন্তান জন্ম হোৱাৰ পিছত কেইবামাহো কামৰ পৰা বিৰতি ল’ব। পৰিয়ালক সময় দিব, শিশুৰ যত্ন ল'ব। ইয়াৰ পিছতহে তাৰকা দম্পতীহালে কামলৈ ঘূৰি আহিব। অৱশ্যে সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত খবৰ পোৱা নাই। এতিয়া অনুৰাগীৰ এটাই আশা যে ‘ৰলিয়াই’ কেতিয়া তেওঁলোকৰ সন্তানক ৰাজহুৱা স্থানত আনিব আৰু কেতিয়া নাম প্ৰকাশ কৰিব।