ছচয়েল মিডিয়া Social Media)ত কেতিয়া আৰু কি ভাইৰেল হ'ব সেয়া কোৱাটো কঠিন। এই সকলোবোৰ নেটিজেন (Netizen)ৰ হাতত আছে। নেটিজেন অৰ্থাৎ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল হৈছে ছচিয়েল মিডিয়াৰ ভগৱান। তেওঁলোকে যি ভাল পাব সেয়া নিশ্চিতভাৱেই ছচিয়েল মিডিয়াত ভাইৰেল হ'ব। সম্প্ৰতি নেটিজেনসকলৰ নিউজ ফীডত এটা ভিডিঅ' ভাইৰেল (Viral Video) হৈ আছে।
নেপালৰ এইগৰাকী সুন্দৰী আৰু আবেদনময়ী অভিনেত্ৰীৰ ৰূপত বলিয়া হৈ পৰিছে আঠৰ পৰা আশীলৈ বয়সৰ লোক। নেপালৰ এইগৰাকী অভিনেত্ৰীগৰাকীৰ নাম অদিতি বুড়াথোকি (Aditi Budhathoki)। নেপালৰ বিখ্যাত অভিনেত্ৰীসকলৰ তালিকাৰ শীৰ্ষত আছে অদিতি বুড়াথোকিৰ নাম। অন্যান্য চেলিব্ৰিটিসকলৰ দৰে, অদিতিও ছ'চিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামত অতি সক্ৰিয়।
অদিতিয়ে সদায় ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলৰ সৈতে সংযুক্ত হৈ থাকে আৰু তেওঁৰ ইনষ্টা একাউণ্টত নিজৰ সকলো শেহতীয়া ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছে। অদিতি বুড়াথোকিৰ আকৰ্ষণীয় ছবিবোৰ দেখি তাইৰ সৌন্দৰ্যত নেটিজেনসকলে স্তম্ভিত হৈ পৰিছে। বলীউডৰ অভিনেত্ৰীসকলৰ দৰে অদিতিয়েও নিজৰ ছবিত গ্লেমাৰাছ লুক দিবলৈ সক্ষম হৈছে আৰু কোটি কোটি অনুৰাগীৰ হৃদয়ৰ ৰাণী হা পৰিছে। ইনষ্টাত অদিতিৰ দ্বাৰা শ্বেয়াৰ কৰা প্ৰায় সকলো ছবিত লাখ লাখ লাইক আৰু শ্বেয়াৰ দেখা যায়। ইয়াৰ উপৰি নেটিজেনসকলে তেওঁৰ ছবিবোৰত যথেষ্ট মন্তব্য কৰিছে।
বহু নেটিজেনে ইতিমধ্যে অদিতি বুড়াথোকিক বলীউডৰ অভিনেত্ৰী দিশা পাটানি (Disha Patani)ৰ সৈতে তুলনা কৰিছে। কাৰণ সামাজিক মাধ্যমত অদিতিৰ চেহেৰা, ষ্টাইল আৰু তেওঁৰ ফিগাৰ দিশা পাটানিৰ সৈতে একে হ'ব বুলি চৰ্চা চলিছে। দিশা পাটানীয়ে ইনষ্টাত যিদৰে নিজৰ বোল্ড ছবি শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে একেদৰে অদিতি বুড়াথোকিৰ ইনষ্টা একাউণ্টটোও তাইৰ সাহসী ছবিৰে ভৰি আছে। অদিতি বুড়াথোকিৰ সামাজিক মাধ্যমত অনুৰাগীৰ দীঘলীয়া তালিকা আছে।