অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত নীল আকাশ অন্যতম। নিজৰ কণ্ঠৰ যাদুৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে নীলে। এটাৰ পাছত আনটো জনপ্ৰিয় গীত দৰ্শকক উপহাৰ দি গৈছে নীল আকাশে। বৰ্তমান নীল আকাশে পত্নীৰ সৈতে লণ্ডনত আছে। বিদেশৰ মাটিত অসমীয়া ৰীলচ ভিডিঅ’ বনাই পুনৰ চৰ্চাত আহিছে নীল। কিছুদিন পূৰ্বে মুকলি হৈছিল নীল আকাশৰ নতুন গান 'KANCHI’। মুকলিৰ পিছতে সকলোৰে মুখে মুখে গানটো।২.২ মিলিয়নৰো অধিক দৰ্শকে গানটো উপভোগ কৰিছে। উল্লেখ্য যে, 'KANCHI’গীতটোৰ ওপৰত নীল–নেঞ্চিয়ে বনোৱা ভিডিঅ’ই সকলোকে আপ্লুত কৰিছে।এতিয়া নীল–নেঞ্চিৰ ৰীলচটো সকলোতে শ্বেয়াৰ কৰিছে অনুৰাগীসকলে।