মৌনি ৰয়। বলীউদৰ অন্যতম অভিনেত্ৰী। ছচিয়েল মিডিয়াত খুব এক্টিভ মৌনি। সময়ে সময়ে নিজৰ ব’ল্ড ফটো শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামত। শেহতীয়াকৈ ইনষ্টাগ্ৰামত এই ফটো শ্বেয়াৰ কৰিছে মৌনি ৰয়ে। ফটোত খোলা চুলি আৰু ক’লা পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক। ক’লা পোছাক, ক’লা টুপিৰ সৈতে ক’লা লিপষ্টিক। এই ৰূপে মৌনিক কৰি তুলিছে অনন্য। মৌনিৰ এই ফটো দেখি মুগ্ধ নেট দুনিয়া। কিছুদিন পূৰ্বে মৌনিয়ে জনাইছিল বিয়াত কেতিয়া বহিব। পাত্ৰ পছন্দ হৈছে। এতিয়া অপেক্ষা কেৱল দিন–তাৰিখৰ। ইয়াৰ মাজতো কাম কমা নাই নায়িকাগৰাকীৰ। এই পোষ্টত মৌনিয়ে এক বাৰ্তাও দিছে। তেওঁ প্ৰত্যেককে বাৰ্তা দিয়ে এক সুন্দৰ পৃথিৱী নিৰ্মাণৰ। বলীউদত মৌনিয়ে জন আব্ৰাহামৰ পৰা অক্ষয় কুমাৰৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে। এই বছৰৰ জানুৱাৰীতে বিয়াত বহিব বিয়াত। প্ৰেমিক সুৰজৰ সৈতে কিছুদিন ধৰি সম্পৰ্কত আছে মৌনি। ইতিমধ্যে আৰম্ভ হৈছে বিয়াৰ প্ৰস্তুতি। গোৱাৰ এক ফাইভষ্টাৰ হোটেল বুক কৰিছে বিয়াৰ বাবে। (ফটো : Instagram @imouniroy) ২৭ জানুৱাৰীত মৌনিৰ বিয়া। ইয়াৰ মাজতে নিজৰ কেতবোৰ ফটোশ্বুট কৰিছে তেওঁ। সেই ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। মৌনি ৰয়ৰ বয়স ৩৬ বছৰ। সুৰজ আৰু মৌনিৰ বিয়াৰ বাবে শুভেচ্ছা জনাইছে বহুজনে।