ভোজপুৰী ভাষাত নিৰ্মাণ কৰা হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন ভিত্তিত এখন ছবি । এই কথা সংবাদমাধ্যমক জনাইছে ভোজপুৰী ছবিৰ ছুপাৰষ্টাৰ ৰবি কিষানে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ঘাট প্ৰতিঘাট সম্পৰ্কে জনসাধাৰণে জনাতো প্ৰয়ো়জন বুলি অভিহিত কৰে ভোজপুৰী ছবিৰ জনপ্ৰিয় অভিনেতা জনে । উল্লেখযোগ্য যে ইতিমধ্যে হিন্দী ভাষাত নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰীৰ বায়পিক সম্প্ৰতি মুক্তিৰ অপেক্ষা আছে । মুক্তিৰ অপেক্ষাত থকা ছবিখনত নৰেন্দ্ৰ মোডীৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা বিবেক অ’ৱেৰয়ে ।