ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বা আই পি এল ২০২০ ছিজনৰ বাবে স্পোৰ্টছ সঞ্চালকৰ নাম ঘোষণা কৰাৰ সময়ত বহুতে আশ্বৰ্য প্ৰকাশ কৰিছিল। কাৰণ তালিকাত নাম নাছিল জনপ্ৰিয় মায়ান্তি লাংগাৰৰ। ২০২০ৰ আই পি এলত মায়ান্তি নাই কাৰণ মাত্ৰ ছয় সপ্তাহৰ আগতে পুত্ৰ সন্তান জন্ম দিলে জনপ্ৰিয় সঞ্চালিকাগৰাকীয়ে। মায়ান্তি ভাৰতীয় ক্ৰিকেটাৰ ষ্টুৱাৰ্ট বিন্নীৰ পত্নী। স্বামীৰ সৈতে ফটো পুত্ৰৰ ফটো শ্বেয়াৰ কৰিছিল মায়ান্তিয়ে। তেতিয়াই তেওঁ জনাইছিল যে, ছসপ্তাহৰ আগত তেওঁ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। ২০১২ চনত ষ্টুৱাৰ্ট বিন্নীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মায়ান্তি। ফুটবল, ক্ৰিকেট বিশ্বকাপত সঞ্চালকৰ ৰূপত দেখা যায় মায়ান্তিক। আই পি এলত মায়ান্তি অন্যতম জনপ্ৰিয় নাম। মায়ান্তিৰ অনুপস্থিতিত আই পি এলৰ আয়োজনে নতুন সঞ্চালক এইবাৰ ৰাখিছে।