নিজৰ মনোমোহা অভিনয়ৰে কোটি কোটি অনুৰাগীৰ মন জয় কৰা দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ আজি ৪৭তম জন্মদিন। শেহতীয়াকৈ চুইজাৰলেণ্ড ভ্ৰমণৰ পৰা ঘূৰি অহা অভিনেতাগৰাকীয়ে নিজ পৰিবাৰৰ সৈতে আজি হায়দৰাবাদতে উদযাপন কৰিব নিজৰ জন্মদিন। তেখেতৰ এই শুভ দিনটোত তেওঁৰ অনুৰাগীৰ লগতে অন্যান্য চেলিব্ৰেটীসকলে সামাজিক মাধ্যম জৰিয়তে শুভকামনা জনায়। উল্লেখযোগ্য যে, আজিৰ এই বিশেষ দিনটোতেই তেখেতৰ ছবি ‘পকিৰি’ অন্ধ্ৰপ্ৰদেশ, তেলাংগনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছবিগৃহত পুনঃ মুক্তি লাভ কৰে। জানিব পৰা মতে, মহেশ বাবুৰ নতুন ছবি ‘SSMB28’ৰ শ্বুটিঙো এই দিনটোতে আৰম্ভ হোৱাৰ কথা আছিল যদিও তেলেগু চলচ্চিত্ৰ উদ্যোগত শ্বুটিং বন্ধ হৈ থকাৰ কাৰণে পৰা নাই। বোলছবিখনৰ পৰিচালক ত্ৰিবিক্ৰমে চলিত মাহৰ শেষৰফালে শ্বুটিঙৰ কাম আৰম্ভ হোৱাৰ আশা প্ৰকাশ কৰিছে। উক্ত ছবিখনত অনুৰাগীসকলে তেখেতক এক পৃথক ৰূপত দেখা পাব। এটা সাক্ষাৎকাৰত অভিনেতাজনে জনোৱা মতে ত্ৰিবিক্ৰমৰ ছবিখনত তেখেতে পূৰ্বতে নকৰা চৰিত্ৰ ৰূপায়ন কৰিব। পৰিচালক ত্ৰিবিক্ৰমৰ ছবি ‘’SSMB28’ আৰু ৰাজামৌলিৰ ছবি ‘SSMB28’ দুয়োখনত মহেশে ক্ৰমান্বয়ে স্বুটিং কৰিব, সেয়েহে হয়তো তেওঁ কোনো আন ছবিত বৰ্তমান কাম কৰিব নোৱাৰিব। বিশেষ যে, ‘SSMB28’ বোলছবিৰ টীমে মহেশ বাবুৰ জন্মদিন উপলক্ষে এখন পোষ্টাৰ প্ৰকাশ কৰে য’ত অতি শীঘ্ৰে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব বুলি ব্যক্ত কৰে।