তৃতীয় বাৰলৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীয়ে। ছচিয়েল মিডিয়াত এজন অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত তেওঁ জনাই যে, কন্যা সন্তানৰ মাতৃ হৈছে তেওঁ। ছচিয়েল মিডিয়াত এজন অনুৰাগীয়ে প্ৰশ্ন কৰে যে, তৃতীয় সন্তানটি ক'ত? লগে লগে নায়িকাগৰাকীয়ে উত্তৰত কয় যে, আমাৰ কোলাত ইয়াৰ পূৰ্বে দুটা সন্তান আছে। জ্যেক আৰু লিও তেওঁলোকৰ নাম। চাৰিদিন পূৰ্বে লিজা হেডেনে তৃতীয়টি সন্তান জন্ম দিয়াৰ খবৰ আহিছে। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁ জনাইছিলযে, তেওঁ গৰ্ভৱতী। এগৰাকী কন্যা সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে জনোৱা মতে, যোৱা ২২ জুনৰ দিনা প্ৰসৱৰ দিন ধাৰ্য কৰা হৈছিল। সময় মতেই তৃতীয় সন্তান প্ৰসৱ কৰে লিজাই। লিজা হেডেন বলীউদৰ অন্যতম জনপ্ৰিয় নায়িকা। য়ে দিল হ্যে মুশকিল, কুইন, হাউচফুল থ্ৰী, আয়েশা আদিৰ দৰে ছবিত অভিনয় কৰিছে তেওঁ।