এতিয়ালৈকে খবৰটো হ’ল যে ২৩ জানুৱাৰীত কে এল ৰাহুল আৰু আথিয়া শ্বেট্টী বিবাহপাশত আৱদ্ধ হ’ব।
2/ 6
কে এল ৰাহুল আৰু আথিয়াৰ বিয়া মুম্বাইত। অৱশ্যে ২৪ জানুৱাৰীত ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেল খেলিব। আৰু সেই মেচখন ইন্দোৰত। ফলত কে এল ৰাহুলৰ বন্ধুত্বগণ উপস্থিত থকাৰ সম্ভাৱনা কম।
3/ 6
ধোনী, কোহলী, ৰোহিত শৰ্মা সমগ্ৰ পৰিয়ালসহ বিয়ালৈ অহাৰ সম্ভাৱনা আছে। বাকী ভাৰতীয় দলটোকো আমন্ত্ৰণ জনোৱা হৈছে। কিন্তু পিছদিনা মেচ থকাৰ বাবে বিয়াত কিমান মানুহ উপস্থিত থাকিব সেয়া কোৱা টান।
4/ 6
২৩ জানুৱাৰীত কে এল-আথিয়াৰ বিবাহৰ কথা এতিয়াও ঘোষণা কৰা নাই দুয়োটা পৰিয়ালৰ তৰফৰ পৰা। মুম্বাইত হ’ব বিয়া। ইতিমধ্যে বান্দ্ৰাত এপাৰ্টমেণ্ট বুকিং কৰিছে কে এল ৰাহুলে।
5/ 6
কে এল ৰাহুল আৰু আথিয়াৰ মাজত বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক। বলীউডৰ তাৰকা সুনীল শ্বেট্টীয়ে মুকলিকৈ একো নক’লেও কন্যাৰ সম্পৰ্কৰ বিষয়ে এটা ইংগিত দিছিল।
6/ 6
বহু আগতেই জনা গৈছিল যে ২০২৩ চনৰ আৰম্ভণিতে কে এল আৰু আথিয়াৰ বিয়া হ’ব। শেষত সেই খবৰটো সঁচা হ’বলৈ গৈ আছে।