ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউড অভিনেত্ৰী আথিয়া চেট্টীয়ে ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোক দুয়ো খাণ্ডালাস্থিত সুনীল চেট্টীৰ ফাৰ্ম হাউচত বিবাহপাশত আৱদ্ধ হৈছিল। কে এল ৰাহুল আৰু আথিয়া চেট্টী দুয়োজনে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা বিবাহৰ ফটো শ্বেয়াৰ কৰিছে। (photo credit -KL Rahul Instagram)
আথিয়াই ইনষ্টাগ্ৰামত বিয়াৰ ফটো শ্বেয়াৰ কৰি লগতে লিখিছিল যে, ‘‘মই আপোনাৰ সৈতে কেনেদৰে ভাল পাব লাগে শিকিছিলো। আজি, আমি আমাৰ ঘনিষ্ঠ সকলৰ মাজত সেই ঘৰখনত বিবাহ পাশত আৱদ্ধ হৈছো, যিয়ে আমাক যথেষ্ট সুখ আৰু সান্ত্বনা দিছে। মোৰ হৃদয় কৃতজ্ঞতা আৰু মৰমেৰে ভৰি পৰিছে। আমাক এই জীৱনৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন।’ আথিয়া আৰু কে এল ৰাহুলক তেওঁলোকৰ বিয়াৰ পোছাকত ধুনীয়া আৰু সুখী দেখা পোৱা গৈছে। (Photo credit-Athiya Shetty Instagram)