#মুম্বাই: গায়ক কেকে অৰ্থাৎ কৃষ্ণ কুমাৰ কুন্নতে, বলীউড আৰু দক্ষিণৰ চলচ্চিত্ৰত বহু বিখ্যাত গান উপহাৰ দিছে৷ 'হম দিল দে চুকে চনম' বোলছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছে৷ তেওঁ তৰপ তৰপ কে ইস দিল সে আহ নিকলতি ৰহি গানটোৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছে৷ তাৰ পিছত তেওঁ এটাৰ পিছত এটা চুপাৰহিট গান গাইছে৷ লগতে হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলা, গুজৰাটী, বঙালী বিভিন্ন ভাষাৰ গীত গাইছে তেওঁ৷
গায়িকা পূজাৰ মতে, কে কে এক কথাৰ মানুহ আছিল৷ তেওঁ নিজৰ কষ্টৰে সম্পত্তি নিৰ্মাণ কৰিছিল৷ তেওঁক এবাৰ বিয়াৰ অনুষ্ঠানৰ বাবে ১ কোটি টকা দিবলৈ প্ৰস্তাৱ দিয়া হৈছিল৷ কিন্তু তেওঁ এই প্ৰস্তাৱত সন্মত হোৱা নাছিল৷ তেওঁক ছবিত নায়কৰ চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল৷ কিন্তু তেওঁ সেইটো নকৰিলে৷ তেওঁ কৈছিল যে তেওঁ গান গোৱাৰ বাহিৰে একো কৰিব নোৱাৰে৷