আকৌ এবাৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলালে এটা ভাৰতীয় নৃত্যদলে । আমেৰিকাৰ reality show ‘World of Dance’ ৰ খিতাপ জয় কৰিলে ভাৰতৰ এটা ‘হিপ হপ’ নৃত্যদলে । মুম্বাইৰ ‘The King’ নামৰ নৃত্যদলেটোৱে নিজৰ প্ৰদৰ্শনেৰে প্ৰভাৱিত কৰিলে জেনিফাৰ ল’পেজ, নে–য়ৌ, দেৰেক হৌফৰ দৰে আন্তৰাষ্ট্ৰীয় তাৰকাক । ১৪ জনীয়া এই নৃত্যদলটোৰ আটাইকেই গৰাকীৰ বয়স ১৭ ৰ পৰা ২৭ ৰ ভিতৰত ।Indian Got talent ৰ ছিজন ৩ৰো খিতাপ দখল কৰিছিল ‘The King’ নামৰ নৃত্যদলেটোৱে ।২০১৫ চনত মুম্বাইৰ এই দলটোৱে ৱৰ্ল্ড হিপ হপ চেম্পিয়নশ্বীপৰ খিতাপো দখল কৰিবলৈ সক্ষম হৈছিল ।