শেহতীয়াকৈ সুনীল চেট্টীৰ কন্যা তথা বলীউডৰ অভিনেত্ৰী আথিয়া চেট্টীয়ে ক্ৰিকেটাৰ প্ৰেমিক কে এল ৰাহুলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দেশৰ কিছুমান বিখ্যাত চেলিব্ৰিটিয়ে এই ৰাজকীয় বিয়াত অংশ লৈছিল। আঠিয়া-কে এল ৰাহুলৰ পিছত এতিয়া বলীউডৰ আন এক চেলিব্ৰিটি দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। এই দম্পতীৰ নাম কিয়াৰা আদৱানি আৰু সিদ্ধাৰ্থ মালহোত্ৰা। তেওঁলোকৰ বিবাহৰ আলোচনা আজিকালি পূৰ্ণগতিত চলি আছে। কিন্তু, এতিয়ালৈকে চেলিব্ৰিটি দম্পতীয়ে এই প্ৰতিবেদনসমূহৰ ওপৰত কোনো আনুষ্ঠানিক মত দিয়া নাই। ইফালে কিয়াৰা বোৱাৰী হৈ যোৱা ঘৰখনত আৰু কোন আছে জানিবলৈ সকলোৱে আগ্ৰহী। গতিকে কিয়াৰা আদৱানিৰ আগন্তুক শহুৰেক আৰু পৰিয়ালৰ সদস্যৰ বিষয়ে কওঁ আহক-