আফগানিস্তানৰ দৰে বৈচিত্ৰৰে ভৰা দেশ এখন জ্বলিছে। তালিবানে দখল কৰিছে সমগ্ৰ দেশ। প্ৰাণ ৰক্ষা কৰিবলৈ দেশ এৰি পলাইছে হাজাৰ হাজাৰ লোক। এই আফগানিস্তানৰ সৈতেই এটা সময়ত সম্পৰ্ক আছিল বলীউদৰ। ১৯৯২ চনত অমিতাভ বচ্চন আৰু শ্ৰীদেৱীৰ ছুপাৰহিট ছবি ‘খুদা গৱাহ’ৰ শ্বুটিং হৈছিল আফগানিস্তানত। সেই সময়ত খুবেই বেয়া সময়ৰ মাজত পাৰ কৰিছিল দেশখনে। ছবিৰ এটা দৃশ্যৰ শ্বুটিং কৰা হৈছিল আফগানিস্তানৰ মাজাৰ–এ–শ্বৰীফত, যি এতিয়া তালিবানৰ কবলত। সেই সময়ত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছিল নাজিবুল্লাহ আহমেদজাই। তেওঁ অমিতাভ বচ্চনৰ ডাঙৰ অনুৰাগী আছিল বুলি জনা যায়। সেই দেশত ছবিৰ শ্বুটিঙৰ বাবে ৰাষ্ট্ৰপতিয়ে বায়ুসেনাক ইউনিটৰ সুৰাৰ দায়িত্বত নিয়োগ কৰিছিল। ২০১৩ চনত ফেচবুকত ‘খুদা গৱাহ’ শ্বুটিঙৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল খোদ বিগ বিয়ে। তেওঁ লিখিছিল, ‘ছোভিয়েটে সম্প্ৰতি দেশ এৰিছে আৰু আফগানিস্তানৰ দায়িত্ব চম্ভালিছে নাজিবুল্লাহ আহমেদজাইয়ে। তেওঁ হিন্দী চিনেমাৰ ডাঙৰ ভক্ত। তেওঁৰ মোৰ সৈতে দেখা কৰিবলৈ বিচাৰিছিল আৰু আমাক ৰাজকীয়ভাৱে সন্মান জনোৱা হৈছিল।’ অমিতাভে তেওঁৰ পোষ্টত আৰু লিখিছিল, ‘মাজাৰ–এ–শ্বৰীফত আমাৰ ভিভিআইপিৰ দৰে ৰখা হৈছিল। বায়ুসেনা আৰু সশস্ত্ৰ বাহিনীয়ে আমাৰ সুৰক্ষা দিছিল। আমাৰ হোটেলত থাকিবলৈ দিয়া হোৱা নাছিল। স্থানীয় এটা পৰিয়ালক সৰু এটা ঘৰত স্থানান্তৰ কৰি আমাক তেওঁলোকৰ ঘৰত ৰখা হৈছিল।’ অমিতাভ বচ্চনে কৈছিল, আফগানিস্তানত খুদা গৱাহ ছবিৰ শ্বুটিঙৰ সময় তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। নিৰাপত্তাক লৈ সমস্যা থাকিলেও, সেই দেশে যিদৰে তেওঁলোকৰ কাষত থিয় হৈছিল, সেয়া জীৱনৰ অন্যতম অভিজ্ঞতা।