ৰাজস্থানৰ বাৰৱাৰা ফ’ৰ্টৰ ছিক্স চেঞ্চৰ ৰিজ’ৰ্টত বিলাসবহুল বিয়া হৈ গ’ল বলীউদৰ দুই তাৰকা কেটৰিনা কাইফ আৰু বিকি কৌশলৰ (Katrina Kaif Vicky Kaushal Wedding)। প্ৰথমে তেওঁলোকৰ বিয়াক লৈ যিমানখিনি গোপনীয়তা অৱলম্বন কৰা হৈছিল, বিয়াৰ পিছত অনুৰাগীক নিৰাশ কৰা নাই বিকি–কেটৰিনাই। প্ৰতিদিনে বিয়া আৰু বিয়াৰ সৈতে জড়িত নানা ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে কেটৰিনা আৰু বিকিয়ে। বিগত ৯ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছে কেটৰিনা আৰু বিকি। বিয়াত কেটৰিনাক উপহাৰ দিবলৈ নাপাহৰিলে কেটৰিনাৰ দুই প্ৰাক্তন প্ৰেমিক ছলমান খান (Salman Khan) আৰু ৰণবীৰ কাপুৰে (Ranbir Kapoor)।